মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ মাটিখোলাৰ মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠান ২৯ আৰু ৩০ ডিচেম্বত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উখল মাখল পৰিৱেশৰ মাজেৰে সফল সামৰণি পৰে৷
ৰূপালী জয়ন্তী সমাৰোহত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু অভিভাৱকৰ মাজত উচাহৰ ঢল বোৱা পৰিলক্ষিত হয়। ব্যয়বহুল বাজেটেৰে সমিতিয়ে আয়োজন কৰা অনুষ্ঠানত স্থানীয় ৰাইজ, বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা হোজাই জিলাৰ লগতে ৰাজ্যৰ ভিতৰে-বাহিৰে কৰ্মৰত বিদ্যালয়ৰ শুভাকাংক্ষীসকল উপস্থিত থকাৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷