চতিয়া: অৱশেষত এজন এজনকৈ চতিয়া কাণ্ডৰ মুঠ বাৰজন অভিযুক্ত এতিয়া জালত পৰিছে চতিয়া আৰক্ষীৰ ৷ ১৫ আগষ্টৰ পুৱতি নিশা চতিয়াৰ ডিপলোঙা চাহ বাগিচাত এদল উন্মাদ লোকে গৰু চোৰৰ সন্দেহত চাৰি জনকৈ নিৰীহ লোকক অতি নৃশংসভাৱে আক্ৰমণ কৰি দেবেন ৰাজবংশী নামৰ এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিছিল ৷
ঘটনাটো সম্পূৰ্ণ ২৪ ঘণ্টা গোপনে আছিল যদিও ১৬ আগষ্টত পোহৰলৈ অহাত আৰক্ষীৰ শীৰ্ষ মহলতো সৃষ্টি হৈছিল তীব্ৰ জোকাৰণি৷ ঘটনাৰ পিচৰে পৰা বাগিছাখনত তীব্ৰতৰ হৈ উঠিছে আৰক্ষীৰ অভিযান৷ ইতিমধ্য আৰক্ষীৰ অভিযানৰ উমান পাই বাগিছাখনৰ ১৫ নং লাইনৰ পৰা পলায়ন কৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে পুৰুষ সকলে৷ আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে মৰেলপুলিছ গিৰি কৰা সৰ্বমুঠ ১২ জন লোকক।