newsnextone.com | কামপুৰঃ দেওবাৰে নগাঁও জিলাৰ কঠিয়াতলীৰ জুমৰমুৰ গাঁৱত এহাল পুৰুষ-মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে ৮ জন স্থানীয় লোকক আটক কৰে৷ জানিব পৰা মতে, আৰক্ষীয়ে দেওবাৰে নিশা অভিযান চলাই লোক কেইজনক আটক কৰিবলৈ সক্ষম হয়৷ আনহাতে, ঘটনাৰ সৈতে জড়িত আন আন অপৰাধী সকলৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে৷
জানিব পৰা মতে, নগাঁও জিলাৰ কঠিয়াতলীৰ জুমৰমুৰ অঞ্চলৰ একাংশ লোকে শনিবাৰে ওৰে নিশা বান্ধি লৈ প্ৰহাৰ কৰে এহাল পুৰুষ-মহিলাক৷ দুয়োৰে মাজত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় একাংশ লোকে আব্বাল উদ্দিলা নামৰ পুৰুষজনৰ লগতে মহিলাগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলায়৷