newsnextone.com | কামপুৰঃ আধুনিক সাজ পোছাক পিন্ধিলেই মানুহ আধুনিক নহয়৷ এলান্ধু বৰণীয়া মন লৈ এচাম লোকে নিজকে আধুনিক বুলি পৰিচয় দিয় দেখা যায়৷ শিক্ষাই মানুহৰ যিমানেই উন্নতি সাধন কৰিছে, সিমানেই যেন নহোৱা হৈ গৈছে মানুহৰ মনৰ মানৱতা, উচিত অনুচিতৰ বিচাৰ৷ এতিয়াৰ মানুহ অমানুহ বুলি কোৱা প্ৰায়ে শুনিবলৈ পোৱা যায়৷ 

কিছুদিন পূৰ্বে কাৰ্বি আংলঙৰ পাণজুৰিত এজাক অমানুহৰ প্ৰহাৰত নীল-অভিৰ দৰে দুজন প্ৰতিভাৱান চফল যুৱকে প্ৰাণ হেৰুৱাইছিল৷ এই ঘটনাই সমগ্ৰ অসমৰ মানৱ জাতিক লজ্জানত কৰাৰ লগতে তেনে পৈশাচিক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছিল অসমীয়াই৷ 

কাৰ্বি আংলঙৰ সেই বৰ্বৰ ঘটনাই মানুহৰ মনৰ পৰা ক্ষোভৰ জুইকুৰা আৰু শোকৰ জুইকুৰা নুমুৱাবলৈ সক্ষম নৌহওতেই বিগত কিছুদিনত আৰু দুটা এনে জঘন্য কাণ্ডৰ কথা সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়া যোগে প্ৰচাৰ হৈছিল৷ 

দেওবাৰে পুনৰ এনে এটি কাণ্ডই সংঘটিত হয় নগাঁওতো৷ যিয়ে মানুহৰ মনত পুনৰ এটা প্ৰশ্নৰ উত্থাপন কৰিলে যে মানুহ প্ৰকৃততে মানুহ হৈয়ে আছেনে?

নগাঁও জিলাৰ কঠিয়াতলীৰ জুমৰমুৰ অঞ্চলত এইবাৰ একাংশ লোকে ওৰে নিশা বান্ধি বান্ধি প্ৰহাৰ কৰিলে এহাল পুৰুষ-মহিলাক৷ দুয়োৰে মাজত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় একাংশ লোকে আব্বাল উদ্দিলা নামৰ পুৰুষজনৰ লগতে মহিলাগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলায়৷ 

হাতে ভৰি বান্ধি দুয়োকে ওৰে নিশা নিৰ্যাতন চলোৱাৰ পিছত পুৱা ৰাইজে পুৰুষ-মহিলাহালক মুমুৰ্ষ অৱস্থাত আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পুৰুষ-মহিলাহালক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷

ৰাইজৰ অভিযোগ অনুসৰি, কঠিয়াতলী টুবুকিৰ আব্বাল উদ্দিলা নামৰ পুৰুষজনে ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীৰ লগত অনৈতিক কাৰ্যত লিপ্ত হৈছিল। ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পৰাত ৰাইজে আব্বালক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰে যদিও ব্যক্তিজনে পলায়ন কৰে৷ 

পিছত স্থানীয় ৰাইজে কোনো মতে কৰায়ত্ব কৰি লোকজনক হাতে ভৰি বান্ধি প্ৰহাৰ কৰিবলৈ লয়৷ ইফালে, ঘৰতে লুকাই থকা মহিলাগৰাকীকো একাংশ পুৰুষ মহিলাই চুলিত ধৰি চোঁচৰাই আনি প্ৰচণ্ডভাৱে মাৰপিট কৰে৷ 

জানিব পৰা মতে, স্থানীয় লোকৰ প্ৰহাৰৰ পৰা নিষ্ঠাৰ পাবলৈ পুৰুষ-মহিলা হালে কাকূতি মিনতি কৰাৰ পিছতো দুয়োৰে প্ৰতি কাৰো দয়া নোপজিল৷ উত্তেজিত ৰাইজে মৰেল পুলিচিং দেখুৱাই ওৰে নিশা দুয়োৰে ওপৰত নিৰ্যাতন চলাই পুৱা মুমুৰ্ষ অৱস্থাত আৰক্ষীক গটাই দিয়ে৷ 

এই ঘটনাৰ বিষয়ে প্ৰকাষ হোৱাৰ পিছতে সচেতন মহলে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ নিলোৎপল অভিজিতৰ হত্যাকাণ্ডৰ পৰা অসমীয়াই অমানুষিকতাৰ এটা শিক্ষা ল’ব লাগিছিল বুলিও মন্তব্য কৰে বিভিন্নজনে৷