newsnextone.com | কামপুৰঃ আধুনিক সাজ পোছাক পিন্ধিলেই মানুহ আধুনিক নহয়৷ এলান্ধু বৰণীয়া মন লৈ এচাম লোকে নিজকে আধুনিক বুলি পৰিচয় দিয় দেখা যায়৷ শিক্ষাই মানুহৰ যিমানেই উন্নতি সাধন কৰিছে, সিমানেই যেন নহোৱা হৈ গৈছে মানুহৰ মনৰ মানৱতা, উচিত অনুচিতৰ বিচাৰ৷ এতিয়াৰ মানুহ অমানুহ বুলি কোৱা প্ৰায়ে শুনিবলৈ পোৱা যায়৷
কিছুদিন পূৰ্বে কাৰ্বি আংলঙৰ পাণজুৰিত এজাক অমানুহৰ প্ৰহাৰত নীল-অভিৰ দৰে দুজন প্ৰতিভাৱান চফল যুৱকে প্ৰাণ হেৰুৱাইছিল৷ এই ঘটনাই সমগ্ৰ অসমৰ মানৱ জাতিক লজ্জানত কৰাৰ লগতে তেনে পৈশাচিক কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছিল অসমীয়াই৷