লক্ষ্ণৌঃ লাভ জেহাদেৰ বিৰুদ্ধে এসময়ত প্ৰতিবাদ কৰি দেশজুৰি চৰ্চালৈ অহা যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ দুদিন পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে আগবাঢ়িছে। কিন্তু প্ৰথমটো পদক্ষেপতেই পুনৰাই সমালোচিত হৈছে এসময়ৰ গোৰখনাথ মন্দিৰৰ সন্যাসী মুখ্যমন্ত্ৰীগৰাকী। চৰকাৰী পৃষ্ঠপোষকতাত এণ্টি ৰোমিঅ’ স্কোৱাডৰ বেশত উত্তৰ প্ৰদেশত মৰেল পুলিচ মোতায়েন কৰাৰ অভিযোগ উত্থাপিত হৈছে যোগীৰ বিৰুদ্ধে। 

আচলতে মহিলাৰ সুৰক্ষাৰ বাবে যোগীৰ চৰকাৰখনে আৰম্ভ কৰিছে এক নতুন অভিযান। নাম হৈছে এণ্টি ৰোমিঅ’ স্কোৱাড। ২০০৫ বৰ্ষত 'অপাৰেশ্যন মজনু’ৰ ভিত্তিতে পৰিকল্পিত এই স্কোৱাডৰ আধাৰত ৰাজহুৱা স্থান, স্কুল-কলেজ আদিত যাতে মহিলাৰ ওপৰত কোনো লোকে আতিশায্য চলাব নোৱাৰে, তাৰ ওপৰত নজৰ ৰখাৰ বাবে প্ৰত্যেক আৰক্ষী থানাৰপৰা ৩-৪ জনকৈ আৰক্ষী নিযুক্ত কৰা হৈছে। ৰাজ্যৰ ১১ খন জিলাত এই স্কোৱাড মোতায়েন কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে।

এতিয়া পান-দোকান, কলেজৰ সমুখত আড্ডা দি থকা ডেকা ল’ৰাৰ ওপৰত নামি পৰিছে আৰক্ষী বাহিনী। কিন্তু এই স্কোৱাডে মৰেল পুলিচৰ ৰূপ ধাৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। দলে-বলে ৰাস্তাত নামি পৰা আৰক্ষীয়ে য’তে-ত’তে যুৱক-যুৱতীক ব্যতিব্যস্ত কৰিছে নানা ধৰণৰ অহেতুক প্ৰশ্ন কৰি। কেৱল এয়ে নহয়, কেৱল সন্দেহৰ ভিত্তিতে যুৱকৰপৰা ম’বাইল ফোন কাঢ়ি আনি অভিভাৱকলৈও ফোন কৰিবলৈ উদ্যত হৈছে আৰক্ষী। 

এণ্টি ৰোমিঅ’ স্কোৱাডৰ ভূমিকাত কেৱল যুৱচামেই নহয়, বিৰক্ত হৈছে অভিভাৱকো। ''আজিৰ যুগত যুৱকে কি কৰিব লাগিব, কি নালাগিব, সেয়া নিৰ্ধাৰণ কৰাটো আৰক্ষীৰ কাম নহয়’’- এই বুলি অসন্তুষ্টি ব্যক্ত কৰিছে এচাম অভিভাৱকে।