এইবাৰ এণ্টি ৰোমিঅ’ স্কোৱাডৰ বেশত উত্তৰ প্ৰদেশত মৰেল পুলিচ !

Home দেশএইবাৰ এণ্টি ৰোমিঅ’ স্কোৱাডৰ বেশত উত্তৰ প্ৰদেশত মৰেল পুলিচ !

এইবাৰ এণ্টি ৰোমিঅ’ স্কোৱাডৰ বেশত উত্তৰ প্ৰদেশত মৰেল পুলিচ !

by News Desk
61 views
A+A-
Reset

লক্ষ্ণৌঃ লাভ জেহাদেৰ বিৰুদ্ধে এসময়ত প্ৰতিবাদ কৰি দেশজুৰি চৰ্চালৈ অহা যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ দুদিন পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে আগবাঢ়িছে। কিন্তু প্ৰথমটো পদক্ষেপতেই পুনৰাই সমালোচিত হৈছে এসময়ৰ গোৰখনাথ মন্দিৰৰ সন্যাসী মুখ্যমন্ত্ৰীগৰাকী। চৰকাৰী পৃষ্ঠপোষকতাত এণ্টি ৰোমিঅ’ স্কোৱাডৰ বেশত উত্তৰ প্ৰদেশত মৰেল পুলিচ মোতায়েন কৰাৰ অভিযোগ উত্থাপিত হৈছে যোগীৰ বিৰুদ্ধে। 

আচলতে মহিলাৰ সুৰক্ষাৰ বাবে যোগীৰ চৰকাৰখনে আৰম্ভ কৰিছে এক নতুন অভিযান। নাম হৈছে এণ্টি ৰোমিঅ’ স্কোৱাড। ২০০৫ বৰ্ষত ‘অপাৰেশ্যন মজনু’ৰ ভিত্তিতে পৰিকল্পিত এই স্কোৱাডৰ আধাৰত ৰাজহুৱা স্থান, স্কুল-কলেজ আদিত যাতে মহিলাৰ ওপৰত কোনো লোকে আতিশায্য চলাব নোৱাৰে, তাৰ ওপৰত নজৰ ৰখাৰ বাবে প্ৰত্যেক আৰক্ষী থানাৰপৰা ৩-৪ জনকৈ আৰক্ষী নিযুক্ত কৰা হৈছে। ৰাজ্যৰ ১১ খন জিলাত এই স্কোৱাড মোতায়েন কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0