মৰাণঃ সংসদীয় ৰাজনীতিৰ পাছে পাছে দৌৰিছে ৰাজ্যৰ ছাত্ৰৰ ৰাজনীতি৷ বিধানসভাৰ মজিয়াৰ পৰা আৰম্ভ কৰি সভা-সমিতিত ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে তৰল কথাৰে বিৰোধীক আক্ৰমণ কৰে৷ অসংসদীয় কথাৰে শাসক-বিৰোধীয়ে বিতৰ্ক তথা চমক সৃষ্টি কৰি ৰাজনীতি কৰি আহিছে ৰাজ্যৰ একাংশ ৰাজনীতিকে৷ তাৰ লগে লগে ৰাজ্যৰ ছাত্ৰৰ ৰাজনীতিয়ো গেলিবলৈ আৰম্ভ কৰিছে৷ ছাত্ৰৰ ৰাজনীতিও লাহে লাহে আক্ৰোশমূলক হৈ পৰিছে৷
কিছুদিন পূৰ্বে নগাঁও জিলাৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে৷ এই আক্ৰমণ নিৰ্বাচনকেন্দ্ৰিক আছিল বুলি জানিব পৰা যায়৷ এইবাৰ লেতেৰা ৰাজনীতি আৰম্ভ হৈছে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত৷