কাকপথাৰঃ থলুৱাক সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা অগপ, বিজেপি, বিজেপি চৰকাৰৰ দিনত এতিয়া ৰাজ্য খনৰ থলুৱা লোকসকলে ৰাজ পথলৈ ওলাই আহি প্ৰতিদিনে অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত থলুৱা জনগোষ্ঠীয়ে গৰাখহনীয়া ৰোধ কৰাৰ বাবে দাবী জনাই অহাৰ পিছতো চৰকাৰ খনে এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷
বুধবাৰে মিচিং জনগোষ্ঠীয়ে তেওলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য উত্তাল কৰে৷ ৰাজ্য খনত এগৰাকী জনগোষ্ঠীয় লোক মুখ্যমন্ত্ৰী হৈ থকাৰ পিছতো জনগোষ্ঠীয় লোকসকলৰ সমস্যা সমাধান কৰাৰ ইচ্ছা প্ৰকাশ নকৰাত নাৰাজ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠী৷ তাৰ মাজতে বৃহস্পতিবাৰে মৰাণ জনজাতিক অনুসূচীকৰণ আৰু ষষ্ঠ অনুসূচীকৰণ ভূক্ত স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷