newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰ তথা বিভিন্ন সংস্থাই জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ বাবে চিন্তা চৰ্চা কৰি আহিছে৷ সেই সময়ত চুবুৰীয়া ৰাজ্য মিজোৰামৰ জাতীয় সংগঠন ইয়ং মিজো এচোছিয়েছনে মিজো জনসাধাৰণক অধিক সন্তান জন্ম দিয়াৰ আহ্বান জনায়৷
দেশৰ ভিতৰত মিজোৰাম আৰু অৰুণাচলৰ জনবসতি তথা জনসংখ্যা বহু কম৷ ২০১১ চনৰ লোকপিয়ল মতে মিজোৰামৰ মুঠ জনসংখ্যা হৈছে ১১ লাখ৷ যাৰ ফলত মিজোৰামৰ জাতীয় সংগঠন ইয়ং মিজো এচোছিয়েছনে মিজোবাসীক অধিক সন্তান জন্ম দিয়াৰ আহ্বান জনায়৷