newsnextone.com | লংকাঃ সোপাধৰা নহয় এইবাৰ চোৰৰ সন্দেহত এগৰাকী থলুৱা যুৱকক খুঁটাত বান্ধি মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ এই ঘটনা সংঘটিত হৈছে হোজাই জিলাত৷ হোজাই জিলাৰ কোমোৰাকাটা গাঁৱত সংঘটিত হয় এই ঘটনা৷ ইতিমধ্যে মৰিগাঁৱৰ ৰতন বৰদলৈ নামৰ যুৱকজনক উদ্ধাৰ কৰি হস্পিতালত ভৰ্তি কৰি যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ব্যাপক উৰা বাতৰি প্ৰচাৰৰ পিছতেই এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ সোপাধৰাৰ অপপ্ৰচাৰ কিছু শাম কটাৰ সময়তেই একাংশ লোকে এইবাৰ গাঁও সমূহত চোৰ সোমোৱাৰ উৰা বাতৰি প্ৰচাৰ কৰে৷ হোজাই-কাৰ্বি আংলং সীমান্তৰ গাঁও সমূহত ব্লেড, পঘালৈ চোৰ সোমাইছে বুলি কোনো লোকে প্ৰচাৰ কৰে৷ এই উৰা বাতৰিৰ ফলতেই এগৰাকী যুৱকৰ ওপৰত জপিয়াই পৰিল কোমোৰাকাটাৰ উত্তেজিত ৰাইজ।

একাংশ লোকে খুঁটাত বান্ধি গণ প্ৰহাৰ কৰে যুৱকজনক৷ শ-শ লোকৰ মাৰত লেবেজান হৈ পৰে যুৱকজন। শুকুৰবাৰে গাঁওখনত প্ৰৱেশ কৰিছিল মৰিগাঁৱৰ ৰতন বৰদলৈ নামৰ যুৱকজনে। মণিপুৰত কৰ্মত ৰতন বৰদলৈয়ে শুকুৰবাৰে নিজ ঘৰলৈ ঘৰলৈ উভতি আহিছিল৷ চাপৰমুখ ষ্টেচন বুলি নিশা ভূলক্ৰমে ৰেলৰ পৰা নামে হোজাই ৰেল ষ্টেচনত।

পূৱাৰ ভাগত পথভ্ৰষ্ট হৈ প্ৰৱেশ কৰিছিল কোমোৰাকাটা গাঁৱত। তাৰ পিছতেই একাংশ লোকে ৰতন বৰদলৈক বিভিন্ন প্ৰশ্ন কৰিবলৈ ধৰে৷ তাৰ পিছতে আৱদ্ধ কৰে ৰতনক৷ কিছু সময়ক পিছতেই বৰ্বৰ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে একাংশ যুৱকে৷ বহু সময় যুৱকজন লেবেজান হৈ পৰি থকাত আৰক্ষীয়ে এই খবৰ লাভ কৰে৷

হোজাই আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰশাসন আৰু আৰক্ষীৰ সজাগতা অভিযানে কাম দিয়া নাই ঘটনাই তাকেই প্ৰমাণ কৰে৷ জানিব পৰা মতে, বিগত এসপ্তাহত কোমোৰাকাটা গাঁৱত নিশা দুৰ্বৃত্তই মানুহৰ ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰাৰ চেষ্টা চলাই আহিছে বুলি প্ৰচাৰ চলাই কোনো চক্ৰই৷ উৰাবাতৰি সমগ্ৰ অঞ্চলটোত বিয়পি পৰে৷ তেনে সময়তেই এই কাণ্ড সংঘটিত হয়৷

উল্লেখ্য যে, যোৱা ৮ জুনত দুগৰাকী নিৰীহ যুৱকক কেইগৰাকীমান লোকে সোপাধৰাৰ সন্দেহত বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ আজিও অব্যাহত আছে৷ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰি ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে৷ তাৰ মাজতে এই ঘটনা সংঘটিত হয়৷