71
মৰিয়নীঃ যোৰহাট জিলাৰ অসম-নগাপাহাৰৰ সীমান্তৰ মৰঙিয়াল গাঁৱৰ কাষৰ পাহাৰীয়া মনোমোহা পৰিৱেশত৷ দেওবাৰে বনভোজ খাবলৈ বহু লোকে ভিৰ কৰে নগাপাহাৰৰ পদদেশত মনমোহা ঠাইত৷
মৰঙিয়াল গাঁৱৰ উদীয়মান ১২ জন উদ্যমী যুৱকৰ প্ৰচেষ্টাত এই সৰু গাঁওখন সমগ্ৰ ৰাজ্যত জিলিকি উঠিছে৷ চুকাফা আত্মসহায়ক নামৰ এটা আত্মসহায়ক গোটৰ ১২ জন অসমীয়া যুৱকৰ একক প্ৰচেষ্টাত দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া অঞ্চলত তেওঁলোকে প্ৰথম অৱস্থাত আনাৰস আৰু মোচুমী টেঙাৰ খেতি কৰে৷