মৰিয়নীঃ যোৱা ১২ ডিচেম্বৰৰ দিনা সমগ্ৰ ৰাজ্যৰ পঞ্চায়ত নিবাচনৰ ভোট গণনাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ অন্তগৰ্ত কটনী জিলা পৰিষদৰ অন্তগৰ্তত ৬০ নং বাগিচাৰ ৪ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল অধ্যাপক জয়ী হয় বুলি নিৰ্বাচনী বিষয়া কাৰ্যালয় তৰফৰপৰা ঘোষণা কৰা হয়৷

বৃহস্পতিবাৰে বিজয়ী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল অধ্যাপক তিতাবৰ নিবাচনী বিষয়া কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ নিৰ্বাচনত বিজয়ীৰ প্ৰমাণ-পত্ৰ ল'বলৈ আহে৷ তেতিয়া তিতাবৰৰ নিৰ্বাচনী কাৰ্যালয় তৰফৰপৰা তেওঁক জানিব দিয়ে তেওঁৰ বিপৰীতে ৪ নং ৱাৰ্ডত বি জে পি দলৰ প্ৰাৰ্থী ডালিমী তাঁতী জয়ী হৈছে৷

আনপিনে বি জে পিৰ জয়ী প্ৰাৰ্থী ডালিমী তাঁতীয়ে বৰ্তমানলৈকে সঠিককৈ নাজানে তেওঁ প্ৰকৃততে কিমান ভোটত জয়লাভ কৰিছে৷ প্ৰশাসনৰ কৃপাতেই হওক বা ভাগ্যৰ বলতে হওক এই বিজয়ৰ পাছত এতিয়া বি জে পিত উলাহৰ ঢল ববলৈ আৰম্ভ কৰিছে৷

বিজয়ী প্ৰাৰ্থী ডালিমী তাঁতীয়ে তেওঁ প্ৰতিনিধিত্ব কৰা ৱাৰ্ডৰ ভোটাৰক ধন্যবাদ জনায় লগতে ভোটাৰৰ প্ৰতিটো অসুবিধা তেওঁৰ সামৰ্থ অনুসাৰে সমাধানৰ আশ্বাস প্ৰদান কৰে৷

আনহাতে কংগ্ৰেছ দলৰ তৰফৰপৰা স্পষ্টকৈ জনায় যে বি জে পি দলৰপৰা ৪ নং ৱাৰ্ডৰ লগতে সমগ্ৰ ৰাজ্যত বি জে পিৰ চৰকাৰ হোৱাৰ সুযোগ গ্ৰহণ কৰি বেমেজালি সৃষ্টি কৰিছে৷ তেওঁলোকে এই ঘটনাৰ বাবে আদালতৰ সহায় ল'ব৷ ইতিমধ্যে তেওঁলোকে তিতাবৰ নিবাচনী বিষয়া নৱজিৎ চাংমাইক লগ ধৰি নিৰ্বাচনৰ ভোট গণনাৰ সময়ত হোৱা বেমেজালিৰ উপায় আৰু সমাধানৰ দাবী জনায়৷