ৱাশ্বিংটনঃ অবিশ্বাস্য কিন্তু সত্য৷ আমেৰিকাৰ ছাৰা মুৰ নামৰ এগৰাকী মহিলাই ১৯ বছৰতেই ৩,৩৩২ জন ব্যক্তিৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে৷

১৫ বছৰৰ বয়সতেই এই কাম আৰম্ভ কৰিছিল৷ জেফ ডেনিয়ল নামৰ এজন ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পাছত আৰম্ভ হৈছিল কথা-বতৰা। তাৰ পাছত বন্ধুত্ব। ই সলনি হৈছে প্ৰেমলৈ৷ এই প্ৰম-যুগলৰ এক অস্বাভাৱিক বৃত্তিৰ ভিত্তিতেই পোহৰলৈ আহিছে উল্লিখিত পৰিসংখ্যা!

ছাৰা আৰু ডেনিয়েলে নিয়মিতভাৱে শাৰীৰিক সম্পৰ্ক কৰাত ব্যস্ত থাকে, অৱশ্যে কৰ্তব্যৰ খাতিৰত৷ ভাবিলে আচৰিত নালাগেনে? কিন্তু আৰ্শ্বযজনক বিষয় এই যে দুয়ো পৰস্পৰৰ লগত নহয়, পৰ নাৰী নতুবা পুৰুষৰ লগত এই কামত লিপ্ত হয়৷

তেওঁলোক কোনো যৌন কৰ্মীও নহয়। তেওঁলোক দুয়োৰে পেচা হ'ল ছেক্স থেৰাপিষ্ট। দৰাচলতে যৌন সম্পৰ্কক মুকলিকৈ প্ৰকাশ নকৰিলেও মানুহৰ জীৱনত ই এক অবিচ্ছেদ্য অংশ হিচাপে কাম কৰে৷ ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে নতুবা এই বিষয়ক লৈ আজিও বহুসংখ্যক লোকে সংকোচ প্ৰকাশ কৰে৷ এনে বিষয়ৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি কৰিবলৈ ছাৰা আৰু ডেনিয়েলে এই বৃত্তি বাছি লৈছে৷

জানিব পৰা মতে তেওঁলোকে ইজনৰ সিজনক শ্ৰদ্ধা কৰাৰ লগতে এই ব্যৱসায়ক লৈ সুখী৷ উল্লেখযোগ্য যে ছাৰাৰ লগতে ডেনিয়েলে এতিয়ালৈকে ২,১২৩ বাৰ যৌন কাৰ্যত লিপ্ত হৈছে৷