♦ টাটা বিল্ডিং ইণ্ডিয়াৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ৰচনা প্ৰতিযোগিতাত শীৰ্ষ স্থান চৰাইবাহী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণী ছাত্ৰী দীপশিখা দেৱীৰ
মৰিগাঁওঃ টাটা বিল্ডিং ইণ্ডিয়াই সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলাৰ চৰাইবাহী জাতীয় বিদ্যালয়ৰ ছাত্ৰী দীপশিখা দেৱীয়ে শীৰ্ষ স্থান লাভ কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
চৰাইবাহীৰ বৰভগীয়াৰ গুৰুচৰন নাথ আৰু মৰমী দেৱীৰ কন্যা দীপশিখা দেৱীৰ সাফল্যত চৰাইবাহীৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ দল-সংগঠনৰ মাজত বিৰাজ কৰিছে আনন্দৰ উল্লাস।
উল্লেখ্য যে গোলকীয় উষ্ণতা আৰু বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ কৰণীয় শীৰ্ষক ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা চৰাইবাহী জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী দীপশিখা দেৱীয়ে অসমীয়া ভাষাত লিখিছিল ৰচনা৷ সমগ্ৰ দেশৰ ১৩ টা ভাষাৰ ৮৫০০ বিদ্যালয়ৰ ৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই ৰচনা প্ৰতিযোগিতাত অসমীয়া ভাষাত লিখা ৰচনাখনে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত চৰাইবাহী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ দীপশিখা দেৱীক বিপুলভাৱে সম্বৰ্ধনা জনায়৷
ইপিনে এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰাই নহয় দেশৰ ৰাষ্ট্ৰপতিকো লগপোৱাৰ সুবিধা পোৱাত উৎফুল্লিত হৈ পৰে দিপশিখা। আনহাতে এই বিদ্যালয়খনৰপৰাই এইবাৰ সৰ্বভাৰতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে আন এজন ছাত্ৰ৷
আৰ্যভট্ট মডেল প্ৰতিযোগিতাত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰি ভাগ্যজ্যোতি বৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে।