মৰিগাঁও ব্যুৰোঃ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি এ আই ইউ ডি এফৰ মূৰৰ্ব্বী বদৰুদ্দিন আজমলে সাংবাদিকক কৰা অভব্য আচৰণ ঘটনাক মৰিগাঁও জিলা সাংবাদিক সংস্থাই তীব্ৰ নিন্দা কৰাৰ লগতে এ আই ইউ ডি এফৰ মূৰৰ্বী আজমলক চৰ্তহীন ক্ষমা খোজাৰ দাবী জনাইছে।
মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা আৰু সম্পাদক জিতুমনি নাথে এক প্ৰেছ বাৰ্তাত কয় এ আই ইউ ডি এফৰ মূৰৰ্ব্বী বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ ওপৰত কৰা এই আক্রমণ কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়।