♦ পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল মৰিগাঁৱৰ ৰাজপথ

♦ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ মৰিগাঁও চি আৰ পি এফৰ জোৱানৰ 

মৰিগাঁওঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনোৱা দেশজোৰা ব্যৱসায় বন্ধৰ আহ্বানক সমৰ্থন জনাই মৰিগাঁও জিলা চেম্বাৰ অব্ কমাৰ্চেও জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠানে সৰ্বাত্মক বন্ধ পালন কৰি মৰিগাঁও নগৰত এক প্ৰতিবাদী সমদলো বাহিৰ কৰে। জিলা চেম্বাৰ অব্ কমাৰ্চৰ সম্পাদক মিলন ডেকা, উপ-সভাপতি মনচুৰ আহমেদ, যুটীয়া সম্পাদক কুলিন বৰা, সাংগঠনিক সম্পাদক বুবুল বৰদলৈ, প্ৰচাৰ সম্পাদক ৰাজু দাস, মৰিগাঁও নগৰৰ সমিতিৰ সম্পাদক বলেন দাস, সহঃসম্পাদক বুবুল কাকতি, জনসম্পৰ্কৰক্ষী বিষয়া জিতুমনি নাথ, বিপুল দত্ত, জিতু বৰা, নানিয়া, ববি জৈন আদি কৰি চেম্বাৰ অব্ কমাৰ্চৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী সমদলটোত দুই শতাধিক ব্যৱসায়ীৰে অংশগ্ৰহণ কৰে। 

পাকিস্তান হুচিয়া, সন্ত্ৰাসবাদ নিপাত যাওক ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি প্ৰতিবাদী সমদলটোৱে মৰিগাঁও নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰি মূল পুলিচ পইন্টৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে। 

চেম্বাৰ অব্ কমাৰ্চৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃত্বই সহযোগিতা কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত মৰিগাঁও সদৰ থানাৰ ছাউনিত থকা চি আৰ পি এফ জোৱানসকলেও অংশগ্ৰহণ কৰে।