জিলাখনৰ ৩১ জন চাহ বাগিচাৰ চৰ্দাৰলৈ স্মাৰ্ট ফোন 

মৰিগাঁওঃ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা চাহ জনগোষ্ঠীয় উন্নয়ণ আঁচনিৰ অধীনত বৃহস্পতিবাৰে মৰিগাঁও জিলা উপায়ুক্তই চাহ বাগিচাৰ চৰ্দাৰৰ মাজত স্মাৰ্ট ফোন বিতৰণৰ এক কাৰ্যসূচী শুভাৰম্ভ কৰে। এই উপলক্ষে জিলা উপায়ুক্তৰ সভাকক্ষত জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন সভা। 

জিলা শ্ৰম বিষয়া সঞ্চয়িতা ভট্টাচাৰ্যই আঁত ধৰা সভাখনত উপায়ুক্ত বৰাই জিলাখনৰ চাহ বাগিচাৰ উন্নয়ৰ ক্ষেত্ৰত সকলোকে ব্ৰতী হ’বলৈ আহ্বান জনাই কয় যে চৰকাৰে প্ৰদান কৰা স্মাৰ্ট ফোনৰ জৰিয়তে চাহ বাগিচাৰ বিষয়া-শ্ৰমিকসকলৰ মাজত যোগাযোগ ব্যৱস্থা অধিক উন্নতি হ’ব।

তদুপৰি চাহ বাগিচাত উদ্ভৱ হোৱা যিকোনো সমস্যা তৎকালীনভাৱে জিলা প্ৰশাসনক অৱগত কৰিবলৈ চাহ বাগিচাৰ চৰ্দাৰসকলক আহ্বান জনায় উপায়ুক্ত ঋতুৰাজ বৰাই।

উল্লেখ্য যে জিলাখনত ৩১ জন চাহ বাগিচাৰ চৰ্দাৰক স্মাৰ্ট ফোন বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে প্ৰথম পৰ্যায়ত ২১ জনক স্মাৰ্ট ফোন বিতৰণ কৰা হৈছিল আৰু আজি দ্বিতীয় পৰ্যায়ত ৯ জন চৰ্দাৰৰ মাজত ফোন বিতৰণ কৰা হয়। 

সভাত অতিৰিক্ত উপায়ুক্ত চৈয়দ তহিদুৰ ৰহমান, জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনিতি নাৰ্জাৰী, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি প্ৰতাপ হাজৰিকা, সম্পাদক জিতুমনি নাথ, সাংবাদিক দিপাংক নাথৰ লগতে কিলিং চাহ বাগিচাৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।