জিতুমণি নাথ, মৰিগাঁওঃ মৰিগাওঁ জিলাৰ এ পি ডি চি এলৰ মৃত কৰ্মচাৰী ৰামসুন্দৰ বিশ্বাসৰ পৰিয়াললৈ মঙলবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ উপস্থিতিত এ পি ডি চি এলৰ মুখ্য কাৰ্যবাহী বিষয়া ভাস্কৰজ্যোতি বৰাই ২ লাখ ৫০ হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰে। 

অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া উপস্থিতি থকা অনুষ্ঠানটোত এ পি ডি চি এলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে আৰ্থিক সাহায্যৰ চেকখন প্ৰদান কৰে ৰামসুন্দৰ বিশ্বাসৰ পুত্ৰ ইন্দ্ৰমোহন বিশ্বাসক। 

উল্লেখ্য যে, মৰিগাঁও জিলা ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুণগুৰি গাঁৱৰ এ পি ডি চি এলৰ কৰ্মচাৰী ৰামসুন্দৰ বিশ্বাস ২০১৮ চনৰ ২৯ অক্টোবৰত কৰ্মৰত অৱস্থাত বৈদ্যুতিক দূৰ্ঘটনাত মৃত্যু ঘটিছিল। ইয়াৰ পিছতেই পৰিয়ালটোক ক্ষতিপূৰণ হিচাপে বিভাগীয়ভাৱে কালি এই সাহায্য প্ৰদান কৰে।