মৰিগাঁওঃ মৰিগাঁও আৰক্ষীয়ে শুকুৰবাৰে চলোৱাৰ এক অভিযানত ৮ টা দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
তদুপৰি ডকাইতৰ দলটোৰপৰা এখন চুৰি অল্ট’ গাড়ীসহ কেইবাবিধো চোকা অস্ত্ৰ আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে। মৰিগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি কালি নিশা ২ মান বজাত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ৩ জনীয়া ডকাইতৰ দল এটাক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা তিনিজনীয়া দলটোৰ স্বীকাৰোক্তি ভিত্তিতেই কালি গোলাঘাট জিলাৰ নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ চোঙাজানৰপৰা আৰক্ষীয়ে আন ৫ জনীয়া এটা ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।