জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁও জিলা মিকিৰভেটা আৰক্ষীৰে চলোৱা এক অভিযানত নিচাযুক্ত সামগ্ৰী ব্যৱসায় চলাই থকা এজন ব্যক্তিসহ বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱাৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা নিচাযুক্ত সামগ্ৰী ব্যৱসায়ীজনৰ নাম হৈছে ধমেন্দ্ৰ হীৰা।
নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা ধমেন্দ্ৰ হীৰাক জাজৰি পাগহালীৰ গাৱঁৰ এক ফাৰ্ম হাউচৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিতাভ শেনচোৱাই জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি সমগ্ৰ হাবিবৰঙাবাৰী, কপাহেৰা, চাবুকধৰা, মিকিৰভেটা আদি অঞ্চলত এক কলা ব্যৱসায়ী চক্ৰই আৰম্ভ কৰিছিল নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়।