♦ ৭১ খন জন্মৰ প্ৰমান-পত্ৰ, ১৫৮ খন গাঁওবুঢ়াৰ প্ৰমান-পত্ৰ, ১৩ খন পান কাৰ্ডকে ধৰি বহু ভুৱা নথি-পত্ৰ জব্দ 

জিতুমণি নাথ, মৰিগাঁওঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত একাংশ লোকে ভুৱা নথি-পত্ৰৰে নিজৰ নাম সোমোৱাবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে মৰিগাঁৱত এনআৰচিৰ ভুৱা নথি-পত্ৰ প্ৰস্তুতকাৰী এটা চক্ৰ গ্ৰেপ্তাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে, জাগীৰোডৰ এটা NRC পৰীক্ষণ কেন্দ্ৰই ৰোকচানা খাতুন নামৰ মহিলাগৰাকীক তেওঁৰ নথিপত্ৰ NRC কেন্দ্ৰত পুনৰীক্ষণৰ বাবে NRC কৰ্তৃপক্ষক জমা দিবলৈ কোৱাত মহিলাগৰাকীয়ে জমা দিয়া জন্মৰ প্ৰমান-পত্ৰত দুটাকৈ জন্মৰ তাৰিখ (১-১-০১) আৰু (১-১-১৯৯৬) বুলি উল্লেখ থকাৰ লগতে দুয়োখন জন্মৰ প্ৰমান-পত্ৰৰে ক্ৰমিক নং ০৯৪৭২৮ আৰু ২৯৯৭২৮ বুলি উল্লেখ থকাত NRC পৰীক্ষণ বিষয়াগৰাকীয়ে জাগীৰোড থানাত ২৯৭/১৯ নং এক গোচৰ ৰুজু কৰে৷

সেই মৰ্মে আৰক্ষীয়ে অভিযান চলাই মৈৰাবাৰী বৰথল দলৈগাঁৱৰপৰা মোজ্জামিল হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে মোজ্জামিলৰ স্বীকাৰোক্তিৰ ভিত্তিত গৰৈমাৰী বিল নিগম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হজৰত আলীক কৰায়ত্ত কৰে৷

আৰক্ষীয়ে ধৃত লোক দুজনৰ জিম্মাৰপৰা ৭১ খন জন্মৰ প্ৰমান-পত্ৰ, দুখন মৃত্যুৰ প্ৰমান-পত্ৰ, ১৩ খন পান কাৰ্ড, ১৫৮ খন গাঁওবুঢ়াৰ প্ৰমান-পত্ৰ আৰু চাৰি খন ভোটৰ কাৰ্ডৰ লগতে বিভিন্ন ধৰণৰ নথি-পত্ৰ জব্দ কৰিছে৷

চক্ৰটোত আৰু বহু জড়িত থকাৰ সন্দেহ কৰি ব্যাপক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷