জিতুমনি নাথ, মৰিগাঁওঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত একাংশ লোকে ভুৱা নথি-পত্ৰৰে নিজৰ নাম সোমোৱাবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাত ভুৱা নথি-পত্ৰ প্ৰস্তুতত সহযোগিতা কৰা চক্ৰ এটাৰ ২ জন লোকক মৰিগাঁও আৰক্ষীয়ে ১৭ মে’ত গ্ৰেপ্তাৰ কৰিছিল।
ইয়াৰ পাছতেই সোমবাৰে মৰিগাঁও স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ কৰ্মচাৰীজনৰ নাম হৈছে প্ৰবোধ হাজৰিকা। এইজন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ভুৱা জন্মৰ প্ৰমাণ-পত্ৰ প্ৰস্তুত কাৰি চক্ৰটোৰ লগত জড়িত থকা অভিযোগ লাভ কৰাত মৰিগাঁও আৰক্ষীয়ে লোকজনক কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত পলাতক অৱস্থাত গ্ৰেপ্তাৰ কৰে।