জিতুমনি নাথ, মৰিগাঁওঃ মৰিগাঁৱত ব্ৰক্ষ্মপুত্ৰ বানে সৃষ্টি কৰা ভয়াৱহ বানপৰিস্থিতিত মৃত্যু হোৱা লোক সকললৈ ৰাজ্য চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষ পূঁজিৰ অধীনত শুকুৰবাৰে মৰিগাঁও জিলা প্ৰশাসনে বানত কৰুণ ভাৱে মৃত্যুক সাৱতি লোৱা লোকসকলৰ দুৰ্ভগীয়া পৰিয়াল সমূহলৈ আৰ্থিক সাহায্য মোকলাই দিছে।
বানত মৃত্যু হোৱা প্ৰতিজন লোকৰ দুৰ্ভগীয়া পৰিয়াল সমূহে লাভ কৰিব ৪ লাখ টকাকৈ। সেই অনুসৰি যোৱা ১৭ জুলাইত ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীত কৰুণভাৱে মৃত্যুক সাৱতি লোৱা মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গছৰগুৰি গাঁৱৰ হোমেশ্বৰ ডেকা গৃহত উপস্থিত হয়গৈ জিলা প্ৰশাসনৰ লোক।
দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰা জিলা প্ৰশাসনে মৃত ডেকাৰ পত্নীৰ হাতত আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰে। জিলা প্ৰশাসনে আগবঢ়োৱা ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।
এই চেক প্ৰদান অনুষ্ঠানত মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতীকে আদি কৰি স্থানীয় বহু কেইজন লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, হোমেশ্বৰ ডেকাই বানৰপৰা ৰক্ষা পাবলৈ পুত্ৰক মোমায়েকৰ ঘৰত থৈ ঘৰলৈ ওভতি আহোতেই বাঢ়নী পানীয়ে উটোৱাই লৈ যায়। ইয়াৰ পিছতেই বানত মৃত্যু হোৱা মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এজাবাৰী গাঁৱৰ বিষ্ণু ডেকা পৰিয়ালকো জিলা প্ৰশাসনে ৪ লাখ টকা আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰে।