78
মৰিগাঁওঃ মৰিগাঁও নগৰৰ ৰজাগাঁৱত দেওবাৰে পুৱা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত দুটা পৰিয়ালৰ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ৫ লক্ষাধিক টকাৰ সম্পত্তি ক্ষয়-ক্ষতি হয়। অগ্নিকাণ্ড সংঘটিত হোৱা গৃহটো হৈছে প্ৰয়াত জয়কান্ত নাথৰ।
জানিব পৰা মতে প্ৰয়াত জয়কান্ত নাথৰ মূল গৃহৰ লগতে ৪ টা কোঠালি যুক্ত এটা গৃহ ভাড়াতীয়া হিচাপে আছিল। এই ভাড়াতীয়া গৃহটোতে পুৱা প্ৰায় ১০ঃ৩০ বজাত বিদ্যুতৰ বিজুতি ঘটি দাউদাউকৈ জ্বলি উঠে।