মৰিগাঁওঃ মৰিগাঁও নগৰৰ ৰজাগাঁৱত দেওবাৰে পুৱা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত দুটা পৰিয়ালৰ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ৫ লক্ষাধিক টকাৰ সম্পত্তি ক্ষয়-ক্ষতি হয়। অগ্নিকাণ্ড সংঘটিত হোৱা গৃহটো হৈছে প্ৰয়াত জয়কান্ত নাথৰ। 

জানিব পৰা মতে প্ৰয়াত জয়কান্ত নাথৰ মূল গৃহৰ লগতে ৪ টা কোঠালি যুক্ত এটা গৃহ ভাড়াতীয়া হিচাপে আছিল। এই ভাড়াতীয়া গৃহটোতে পুৱা প্ৰায় ১০ঃ৩০ বজাত বিদ্যুতৰ বিজুতি ঘটি দাউদাউকৈ জ্বলি উঠে। 

স্থানীয় ৰাইজ তথা নাথৰ জ্যেষ্ঠ পুত্ৰ দেৱাশিষ নাথৰ তৎপৰতাত দুয়োটা পৰিয়ালৰ গৃহত ব্যৱহাৰ কৰা চিলিণ্ডাৰ দুটা বাহিৰলৈ আনিব সক্ষম হোৱাত আৰু অধিক বিপদৰপৰা ৰক্ষা পৰে সেই এলেকাটো। 

দুইটা পৰিয়াল মানুহৰ কোনো ক্ষতি নহলেও সকলো সা-সম্পত্তি জুইত ভস্মীভূত হৈ পৰে। উক্ত ঘটনাটো বিদ্যুতিক শ্বট চাৰ্কিতৰ ফলতেই সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।