জিতুমনি নাথ, মৰিগাঁওঃ অসম মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আজি ঘোষণা কৰা ফলাফলত মৰিগাঁও জিলাই প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’লেও জিলাখনত সামগ্ৰিক ফলাফল আছিল আশানুৰূপ।
সমগ্ৰ ৰাজ্যখনত কলা শাখাত ৭৫.১৪ শতাংশ, বিজ্ঞান শাখাত ৮৬.৫৯ শতাংশ আৰু বাণিজ্য শাখাত ৮৭.৫৯ শতাংশ উত্তীৰ্ণ হাৰ হোৱাৰ বিপৰীতে মৰিগাঁও জিলাত সামগ্ৰিক উত্তীৰ্ণ হাৰ হৈছে কলা শাখাত ৭৯.০৩ শতাংশ, বিজ্ঞান শাখাত ৮৭.০১ শতাংশ আৰু বাণিজ্য শাখাত ৯৫.০৮ শতাংশ।