Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

জিতুমনি নাথ, মৰিগাঁওঃ বানে বিভিষিকাময় পৰিস্থিতি সৃষ্টি কৰা মৰিগাঁও জিলা বিভিন্ন বানপিড়ীত অঞ্চলত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ অনুৰোধত দেওবাৰে ভাৰতীয় সেনাবাহিনীৰ ৩ নং শিষ ৰেজিমেণ্টে বন্যাতৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাৰ লগতে ঔষধ বিতৰণ কৰে। 

মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত উদৰি হাইস্কুলত সেনাবাহিনী দ্বাৰা অনুষ্ঠিত কৰা বিনামূলীয়া স্বাস্থ্য শিবিৰটোত সেনাবাহিনীৰ ৪ জন চিকিৎসকৰ লগতে স্থানীয় এজন চিকিৎসক আৰু পৰিচাৰিকাই চিকিৎসা সেৱা আগবঢ়ায়। 

জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তত্বাৱধানত অনুষ্ঠিত সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰটোত উদৰি অঞ্চলৰ তিনি শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ লাভ কৰে। তদুপৰি জিলাখনৰ ভিতৰুৱা বন্যাৰ্তৰ অঞ্চল ভূৰাগাঁও আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কলিয়াজাৰি, নিজ গেৰুৱা, শিলডুবি, কাঠনি আদি কৰি কেইবাটাও অঞ্চলৰ বানপিড়ীত শিবিৰত সেনাবাহিনীৰ ৩ নং শিষ ৰেজিমেণ্টৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়।