মৰিগাঁওঃ মৰিগাঁৱত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰা কৰ্কট ৰোগৰ প্ৰদুভাবৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্যখনৰ ভিতৰতে মৰিগাঁও জিলাত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক হিচাপে পৰিগণিত হোৱাত এক প্ৰকাৰে এই মাৰাত্মক ৰোগক লৈ আতংকময় পৰিৱেশ সৃষ্টি হৈছে সৰ্বসাধাৰণৰ মাজত।
এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যদিও মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। সৰ্বসাধাৰণ লোকৰ সুবিধা বাবে দীপশিখাৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰৰ সমীপত অনুষ্ঠিত কৰিছে কৰ্কট ৰোগৰ সজাগতা আৰু চিনাক্তকৰণ শিবিৰ।