মৰিগাঁওঃ মৰিগাঁৱত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰা কৰ্কট ৰোগৰ প্ৰদুভাবৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্যখনৰ ভিতৰতে মৰিগাঁও জিলাত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক হিচাপে পৰিগণিত হোৱাত এক প্ৰকাৰে এই মাৰাত্মক ৰোগক লৈ আতংকময় পৰিৱেশ সৃষ্টি হৈছে সৰ্বসাধাৰণৰ মাজত।

এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যদিও মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। সৰ্বসাধাৰণ লোকৰ সুবিধা বাবে দীপশিখাৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰৰ সমীপত অনুষ্ঠিত কৰিছে কৰ্কট ৰোগৰ সজাগতা আৰু চিনাক্তকৰণ শিবিৰ। 

দিনৰ ১১. ৩০ বজাৰপৰা মুকলি হ’বলগীয়া এই শিবিৰত সকলো শ্ৰেণী লোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইফালে মৰিগাঁও জিলা কাৰাগাৰৰ কাৰাবন্দীসকলৰ দক্ষতা বিকাশৰ লক্ষ্যৰে এলানি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে জিলা উপায়ুক্ত বৰাই। গণৰাজ্য দিৱসত শুভাৰম্ভ কৰিবলগীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণটো দুমাহলৈ চলিব বুলি জনা গৈছে। 

মৰিগাঁও জিলাৰ দন্দুৱাস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণত পুৰুষ কাৰাবন্দীসকলৰ বাবে ইলেক্ট্ৰিচিয়ান আৰু মহিলা কাৰাবন্দীসকলৰ বাবে এম্বইডাৰিৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে জিলা কাৰাগাৰৰ চৌহদত এখন হাৰ্বেল উদ্যান নিৰ্মাণ কৰা হ’ব। 

তদুপৰি এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলে লাভ কৰিব দক্ষতা বিকাশৰ প্ৰমাণ-পত্ৰ। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ এই প্ৰশংসনীয় চিন্তা ধাৰাক মৰিগাঁৱৰ সৰ্বসাধাৰণ লোক আৰু বৌদ্ধিক সমাজে ভূয়সী প্ৰশংসা কৰিছে।