মৰিগাঁওঃ মৰিগাঁৱত সাংবাদিকসহ চাৰিজন ব্লেকমেইলাৰক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ব্লেকমেইলাৰ কেইজন হৈছে ক্ৰমে কল্লোল শইকীয়া নগাওঁ মৰিকলং, হীতেশ মজুমদাৰ গুৱাহাটী জাপৰিগোগ, জ্যোতি নাথ আৰু গৌতম দাস, ৰুক্মিণী গাঁও, গুৱাহাটী।
ইয়াৰ অন্যতম এজন কল্লোল শইকীয়া News 7 নামৰ পৰ্টেলৰ সাংবাদিক আৰু আনকেইজন হৈছে অসম জাতীয়তাবাদী উন্নয়ন পৰিষদ নামৰ সংগঠনটোৰ নেতা।
ধৃত হিতেশ মজুমদাৰ; উক্ত সংগঠনটোৰ সভাপতি হোৱাৰ লগতে জ্যোতি নাথ সম্পাদক আৰু উপদেষ্টা গৌতম দাসক আৰক্ষীয়ে আটক কৰে৷
AS 01 AT 3412 নম্বৰৰ এখন ইনভা গাড়ী লৈ ভূৰাগাঁৱৰ হেমৰাজ মেহমুদ নামৰ এজন মিঠাতেল ব্যৱসায়ীক ব্লেকমেইলিং কৰিবলৈ আহোতেই গাড়ীসহ চাৰিজন ব্লেকমেইলাৰক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে।
মৰিগাঁৱত ভূৰাগাঁৱত জৈন ব্ৰেণ্ডৰ মিঠাতেলৰ উদ্যোগত মিঠাতেলৰ বটলত মকৰা সোমাই থকাৰ অজুহাত দেখুৱাই ব্লেকমেইল কৰি এক লাখ টকা দাবী কৰি আগধন ৫০ হাজাৰ লৈ বাকী ৫০ হাজাৰ ল’বলৈ আহোতে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁও চহৰত আটক কৰে।