মৰিগাঁওঃ পুথিভঁৰালৰ সৎ ব্যৱহাৰে মানুহৰ জীৱন উজ্জ্বল কৰি তুলে। এই মন্তব্য মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ। মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ নৱনিৰ্মিত পুথিভঁৰাল আৰু গৱেষণা কেন্দ্রৰ ভৱনটো উদ্বোধন কৰি দিয়া ভাষণত উপায়ুক্ত ঋতুৰাজ বৰাই পুথিভঁৰালে মানুহৰ জীৱন কেনেকৈ পৰিৱৰ্তন কৰি তুলিব পাৰে তাৰ ওপৰত এক গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়ায়।
তদুপৰি উপায়ুক্ত বৰাই কয় মানুহ হৈছে সমাজপ্ৰিয় জীৱ। এখন শুদ্ধ আৰু স্বচ্ছ সমাজ ব্যৱস্থাই মানুহক উদ্বুদ্ধ কৰি তুলে। সমাজৰ বাবে ভাল কাম কৰিবলৈ ডাঙৰ ডাঙৰ দালান নহলেও হয় বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।