জিতুমনি নাথ, মৰিগাঁওঃ যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ পুৱা ৯ বজাৰপৰা আবেলি ৬ বজালৈ উপস্থিত থকাটো বাধ্যতামূলক কৰি তুলিবলৈ অগ্ৰসৰ হৈছে, সেই সময়তে মৰিগাঁও জিলাৰ চৰকাৰী কাৰ্যালয়সমূহৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ নাগৰিকক।
মূলতঃ মৰিগাঁও জিলাত ৰাজ্য চৰকাৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগত পৰ্যাপ্ত চৰকাৰী কৰ্মচাৰী অবিহনেই পৰিচালিত হৈ আহিব লগাত পৰিছে চৰকাৰী কাম-কাজ। ফলত বিভিন্ন সময়ত সৰ্বসাধাৰণ নাগৰিকে ভোগ কৰিব লগাত পৰিছে ইয়াৰ কুফল।