newsnextone.com। মৰিগাঁওঃ মৰিগাঁও জিলাত দীৰ্ঘদিন ধৰি দুচকীয়া বাহনৰ দৌৰাত্ম আৰু জিলা খনত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ ফলত বহু লোকৰ প্ৰাণহানি হোৱাৰ হেতুকে মৰিগাওঁ জিলা উপায়ুক্ত হেমেন দাসে ভাৰতীয় দণ্ড বিধি আইনৰ ১৪৪ ধাৰা অধীনত মৰিগাঁও জিলাত বলবৎ হোৱাকৈ এক নিৰ্দেশনা জাৰি কৰিছিল৷
নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলা সকলো ডিপোৱে হেলমেট পৰিধান নকৰা লোকক তেল বিক্ৰী কৰিব নোৱাৰিব। তাৰ পিছতে মৰিগাঁও জিলা পেট্ৰল পাম্পসমূহে হেলমেট পৰিধান নকৰা সকলৰ বাবে ডিপোতে হেলমেত ৰাখি গ্ৰাহকক বহুদিনৰ পৰা তেল যোগান ধৰি আছিল কিন্তু ১০০ গৰু মাৰিলে বাঘৰো মৰণ বুলি এখাৰ কথা আছে।