87
মৰিগাঁৱৰ ব্যুৰ’: মৰিগাঁও ৰাইজৰ উন্নয়নৰ প্ৰতি কোনো ধৰণৰ গুৰুত্বৰ আৰোপ নকৰি একমাত্ৰ ক্ষমতা লাভৰ বাবেই পুনৰ ভঙা-পতা ৰাজনীতি আৰম্ভ হৈছে মৰিগাঁও পৌৰসভাত।
বিশেষকৈ মৰিগাঁও পৌৰসভাৰ মজিয়াত শাসকীয় বি জে পিৰ সদস্যসকলৰ মাজতেই ক্ষমতা লাভৰ বাবে চলি থকা ক্ষমতাকেন্দ্ৰিক যুঁজে বি জে পিৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।