মৰিগাঁওঃ এইয়া হৈছে মোৰ নৈতিকতা জয়। অসমত অসমীয়া আৰু অসমীয়াত্ব ৰক্ষাৰ বাবে মই সদায় মৰণ পৰন যুঁজ দি যাম এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।
কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ মাজত সৃষ্টি হোৱা তীব্ৰ ভোট যুঁজৰ অন্তত ১৬,৭৫২ টা ভোটত জয়ী হোৱা নগাঁও লোকসভা সমষ্টি কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী বৰদলৈয়ে মৰিগাঁৱত কালি নিশা মৰিগাঁও সংবাদ মাধ্যমৰ আগত কয় -বিজেপিৰ প্ৰত্যাহ্বানক ওফৰাই নগাঁওবাসীয়ে মোক আস্থাত লৈ জয়ী কৰাৰ বাবে নগাঁৱৰ সমূহ ভাষা ভাষী জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ লোকলৈ কৃতজ্ঞতা জনাইছো।