মৰিগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে উত্তাল হৈ পৰিল মৰিগাঁও নগৰ। মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদে মৰিগাঁও বিহুতলীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কায্যসূচী ৰূপায়ণ কৰাৰ বিপৰীতে মৰিগাঁও জিলা অগপই উলিয়াই এক প্ৰতিবাদী সমদল। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দুই দল সংগঠনে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি মৰিগাঁও নগৰ এক উত্তাল কৰি তুলে।
মৰিগাঁও নগৰৰ বিহুতলীত জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি গোবিন চন্দ্ৰ বৰদলৈ আৰু সম্পাদক খগেন মহন্তৰ নেতৃত্ব গ্ৰহণ কৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত জিলা ছাত্ৰ সন্থা, সাংবাদিক সংস্থা, উন্নতি সভা, যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অগপ আদি কৰি বহু কেইটা দল সংগঠনে সহযোগ কৰে। ইফালে, মৰিগাঁও জিলা অগপৰ সভাপতি বুবুল দাস আৰু সম্পাদক শান্তনু শৰ্মাৰ নেতৃত্বত চাৰি শতাধিক প্ৰতিবাদকাৰীয়ে মৰিগাঁও নগৰৰ মাজেৰে সমদল কৰি চৰকাৰ বিৰোধি শ্ল’গানে মৰিগাঁও নগৰ মুখৰিত কৰি তুলে।