মৰিগাঁওঃ মৰিগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে মহাবিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা।
মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহত জিলাখনৰ কপিলী, ভূৰবন্ধা, দলংঘাট, মায়ং, লাহৰীঘাট, মৈৰাবাৰী আদি অঞ্চলৰপৰা অহা বহুকেইজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে ক্ৰমে মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকা, মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক ডঃ অচ্যুত কুমাৰ দাস, সমাজ সংগঠক তুলসী ডেকাই।