মৰিগাঁওঃ মৰিগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত শুকুৰবাৰে মহাবিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা।

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহত জিলাখনৰ কপিলী, ভূৰবন্ধা, দলংঘাট, মায়ং, লাহৰীঘাট, মৈৰাবাৰী আদি অঞ্চলৰপৰা অহা বহুকেইজন প্ৰতিযোগীয়ে  অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে ক্ৰমে মৰিগাঁৱৰ  সাংবাদিক ৰাতুল ডেকা, মৰিগাঁও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ  সহযোগী অধ্যাপক ডঃ অচ্যুত কুমাৰ দাস, সমাজ সংগঠক তুলসী ডেকাই।

মৰিগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক ধঞ্জনজয় তালুকদাৰে আঁত ধৰা প্ৰতিযোগিতাখনত ক্ৰমে ভূষণ সৰকাৰ প্ৰথম হৈ শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান অৰ্জন কৰা লগতে প্ৰিয়ংকা গোস্বামীয়ে দ্বিতীয়, গংগা দেৱীয়ে তৃতীয় স্থান লাভ কৰে।

বক্তৃতা প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থান অৰ্জন কৰা শ্ৰেষ্ঠ প্ৰতিযোগীসকলক  বঁটা আৰু মান-প্ৰত্ৰ প্ৰদান কৰে নেহৰু যুৱ কেন্দ্ৰই। আনহাতে প্ৰথম স্থান প্ৰাপ্ত ভূষণ সৰকাৰক ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বক্তৃতা প্ৰতিযোগিতালৈ বাছনি কৰা বুলিও প্ৰকাশ কৰিছে সংগঠনটোৱে।