জিতুমনি নাথ, মৰিগাঁওঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত মৰিগাঁও জিলাই আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’লেও শিক্ষকৰ অভাৱে সমস্যাত পেলাইছে ছাত্ৰ-ছাত্ৰীক।
উচ্চতৰ মাধ্যমিকৰ তিনিটা শাখাৰ ফলাফলত মৰিগাঁও জিলাত কলা শাখাত ৰাজ্যৰ ৭৫.১৪ শতাংশ বিপৰীতে মৰিগাঁও জিলাত ৭৯.০৩ শতাংশ, বিজ্ঞান শাখাত ৰাজ্যৰ ৮৬.৫৯ শতাংশ বিপৰীতে মৰিগাঁও জিলাত ৮৭.০১ শতাংশ আৰু বাণিজ্য শাখাত ৰাজ্যৰ ৮৭.৫৯ শতাংশ বিপৰীতে মৰিগাঁও জিলাত ৯৫.০৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।