মৰিগাঁওঃ তিৱা স্বায়ত্ত্বশাসিত পৰিষদ এতিয়া খিলঞ্জীয়া জনগোষ্ঠীটোৰ উন্নয়ন আৰু প্ৰগতিৰ অনুষ্ঠানহৈ থকা নাই৷ ঐতিহ্য সংস্কৃতিৰে ভৰপুৰ মধ্যঅসমৰ ভূমিপুত্ৰ জনগোষ্ঠীটোক শিখণ্ডী কৰি এচামে তিৱা পৰিষদখনক মুনাফা আদায়ৰ বাবেহে যেন ব্যৱহাৰ কৰি আহিছে৷ বিজেপি নেতৃত্বাধীন পৰিষদখনত বিধায়ক ৰমাকান্ত দেউৰী আৰু মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাৰ মাজত থকা মতানৈক্যই আদালতৰ মজিয়া পৰ্যন্ত পাইছেগৈ৷
নিজৰ অনুগতৰ দ্বাৰা ন্যায়ালয়ত দুৰ্নীতিৰ অভিযোগত গোচৰ তৰিছে এজনে আনজনৰ বিৰুদ্ধে৷ শেহতীয়াকৈ মৰিগাঁও সদৰ থানাত দেউৰীপন্থী কাৰ্যবাহী সদস্য প্ৰয়াত বলোৰাম বৰদলৈয়ে মৰিগাঁও সদৰ থানাত দাখিল কৰা ২২৬/১৮ নং গোচৰৰ ভিত্তিত আদালতে মুখ্যকাৰ্বাহী সদস্য পবন মান্তাক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া বুলি কালি মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী পন্থীৰ কেইটামান তিৱা সংগঠনে মৰিগাঁও আৰক্ষী অধীক্ষক অৱগত কৰাই নহয় মুখ্য কাৰ্যবাহী মান্তাক গ্ৰেপ্তাৰৰো দাবী জনাইছিল।