মৰিগাঁওঃ মৰিগাওঁ জিলাৰ জাগীৰোডত যান-বাহন অধিগ্ৰহণ কৰাৰ নামত সুৰামত্ত আৰক্ষীয়ে উদ্ভণ্ডালি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ এগৰাকী যুৱতীয়ে এই অভিযোগ উত্থাপিত কৰি ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত এটি প’ষ্ট আপল’ড কৰে। উপায়ুক্তৰ নিৰ্দেশত যান-বাহন অধিগ্ৰহণ কৰিবলৈ অহা বুলি প্ৰকাশ কৰা আৰক্ষীয়ে এনে আচৰণ কৰাৰ এই অভিযোগ উত্থাপিত হোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তেজপুৰত বসবাস কৰা শিৱসাগৰৰ দিহিঙীয়া উপাধিৰ যুৱতী গৰাকীয়ে উক্ত প’ষ্টটোত উল্লেখ কৰে যে, ‘বিশেষ কাম অলপ হাতত লৈ আহি আছোঁ গুৱাহাটীলৈ। শনিবাৰৰ দিনা আগবেলাৰ ডিউটি কৰি আহি গাড়ীত উঠিছোঁ, সন্ধিয়াৰ কিছু পৰিকল্পনাসহ নিৰ্দিষ্ট সময়ত খানাপাৰা পামগৈ বুলি। থিক থাকে আহি আছিলোঁ, জাগীৰোড আহি পাইয়ে হঠাতে ৰাস্তাত পুলিচ দুজনমান আহি গাড়ীখন ৰখাই দিলে। ড্ৰাইভাৰক মাতি নি কি কি আলোচনা কৰিছে আমি গম নাপাওঁ। তাৰ পাছত গাড়ীৰ যাত্ৰীসকলক আহি কৈছে যে ইলেকচনৰ বাবে অধিগ্ৰহণ নে এন আৰ চি ডিউটিৰ বাবে আমি আহি থকা ট্ৰেভেলাৰখন লোৱা হৈছে গতিকে আমিবোৰ নামি এইখিনিৰপৰা বেলেগ গাড়ীত উঠি যাব লাগে। হাৰে, এয়া কেনে কথা। আহিছোঁ তেজপুৰৰপৰা, নিশ্চিন্ত হৈ যে নিৰ্দিষ্ট সময়ত গুৱাহাটী পাই যাম। আৰু আধাবাটত যদি এনেকৈ নমাই দিয়ে সেয়া কেনে কথা হ’ব পাৰে। কিয় এনে কৰিব বুলি সুধিলে মাথো কয় যে ডি চিৰ অৰ্ডাৰ, আমি বাধ্য। গাড়ীখনত আমি মুঠ তিনিগৰাকী মহিলা আছোঁ, এগৰাকী বাইদেউ আছে, কিছু অসুস্থ। নানামো, আমাক এইখন গাড়ীতে থৈ আহিব লাগিব বুলি কোৱাত অসভ্যালি কৰি ধমক লগায় আৰু ড্ৰাইভাৰৰপৰা চাবি কাঢ়ি লৈ থয়। আজিৰ ভিতৰত তেওঁ হেনো মুঠ ১২ খন গাড়ী যোগাৰ কৰিব লাগে আৰু তেওঁক কোনেও বাধা দিব নোৱাৰে, বাকী কাৰো লগত একো মতলব নাই। বহুপৰ যুক্তি তৰ্ক কৰাৰ পাছতো তেখেতৰ অসভ্যালি কমক চাই বাঢ়িলহে, ওচৰত মুখ হাউলাই কথা কোৱাত মদৰ কি অসহ্যকৰ গোন্ধ! শেষত এজন এজনকৈ মানুহবোৰ নমাই গাড়ী লৈ গুচি গ’ল আমাক সেই হাৰাশাস্তি দি। ASTC বাছ এখন পাই কিবাকৈ বহিছোঁ। গুৱাহাটী বাৰু পাই যাম, সেই চিন্তা নাই। কিন্তু যাত্ৰীক চৰকাৰী নিৰ্দেশৰ কথা কৈ এনে হাৰাশাস্তি কৰাটো কেনে যুক্তিৰ কথা? নিৰ্দিষ্ট সময় আৰু হাতত লৈ অহা কামখিনিৰ কি হ’ব? জাগীৰোডতে ৰ’বলগা হৈছে এঘণ্টাৰো বেছি।’