newsnextone.com | খাৰুপেটীয়াঃ বুধবাৰে দেশ জুৰি স্বাধীনতা দিৱস পালনৰ দিনা মূল্যবোধ তথা মানৱীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে দৰঙ জিলাৰ খাৰুপেটীয়াৰ মৰিয়ম আজমল উইমেন কলেজৰ হাফিজা বেগম নামৰ এগৰাকী ছাত্ৰীয়ে। ঘটনাৰ বিৱৰণী মতে, বুধবাৰে খাৰুপেটীয়াৰ বালুগাঁও সাপ্তাহিক বজাৰলৈ বুলি মৰাপাট ভৰ্তি তিনিচকীয়া বাহন এখন ঠেলি লৈ গৈ আছিল এজন বৃদ্ধই। 

খাৰুপেটীয়া কলেজ টাৰ্নিঙৰ ওখ আলি বাটটো বাহনখন ঠেলি অতিক্ৰম  কৰিব পৰা নাছিল ঠেলা চালক প্ৰায় ৬৫ বছৰীয়া বৃদ্ধ গৰাকী। ঠেলা চালক গৰাকী কোনোবা পথচাৰীয়ে ঠেলাখন উঠাই দিয়াত সহায় কৰিব বুলি ইফাল-সিফাল চাইছিল যদিও সহায়ৰ বাবে কোনেও আগবাঢ়ি অহা নাছিল। তেতিয়া পুৱা সাত মান বাজিছিল। 

সেই সময়ত স্বাধীনতাৰ পতাকা উত্তোলনৰ বাবে এটা ফুলৰ থোপা লৈ মৰিয়ম আজমল উইমেন কলেজৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী হাফিজা বেগমে সেই ঠাইলৈ আহি উপস্থিত হৈ ঠেলা চালকৰ অসহায় দৃশ্যটো প্ৰত্যক্ষ কৰিছিল। কিন্তু সেই সময়ত কোনো এজন লোক কিম্বা কোনো ছাত্ৰই বৃদ্ধজনক সহায় কৰিবলৈ আগবাঢ়ি নহা দেখি হাফিজাই ফুলৰ থোপাটো ৰাস্তাৰ একাষত থৈ ঠেলাখনৰ পিছফালৰ পৰা ঠেলি দিয়াত ঠেলাখন ওপৰলৈ উঠি আহে আৰু বৃদ্ধ ঠেলা চালক জন হাফিজাৰ পিনে এক কৃতজ্ঞতাৰ দৃষ্টিৰে চাই আঁতৰি যায়। 

মৰাপাট ভৰ্তি ঠেলাখন ঠেলি দি সহায় কৰা কামটো এগৰাকী ছাত্ৰীয়ে মানৱীয় দৃষ্টিৰে কৰি দেখুওৱাত প্ৰত্যক্ষ দৰ্শীয়ে আন্তৰিক ধন্যবাদ জনায়। ছাত্ৰী গৰাকীৰ এই কাণ্ডই সামান্য যেন লাগিলেও অন্তৰ চুই গৈছিল প্ৰত্যক্ষদৰ্শী সকলৰ। ঘটনাটি সদৰি হোৱাত মানৱীয়বোধ সম্পন্ন ছাত্ৰী গৰাকীৰ এনে কাৰ্যৰ বাবে আটায়ে ধন্যবাদ জ্ঞাপন কৰে। 

বুধবাৰে স্বাধীনতা দিৱসত মৰিয়ম আজমল উইমেন কলেজত পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত অধ্যক্ষা ৰেছমা ইয়াছমিনে মানৱীয় মূল্য বোধৰ এনে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা বাবে বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে নগত ধনেৰে পুৰস্কৃত কৰা হয়। পুৰস্কাৰ খিনি আগবঢ়ায় আজমল কলেজৰ অধ্যক্ষ দিলোৱাৰ হুছেইনে।