newsnextone.com | মৰিয়নীঃ শনিবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত মৰিয়নী নগৰ ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত মৰিয়নী মহাবিদ্যালয় পৰা প্ৰায় ৫০ জন ছাত্ৰ-ছাত্ৰী আহি চিকিৎসালয় খনত উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অভিযোগ অনুসৰি, যোৱা ১৬ আগষ্টত আবেলি প্ৰায় ৩.০০ বজাত মৰিয়নী মহাবিদ্যালয় ৩য় ষণ্মাসিকৰ ছাত্ৰী চুনটি দাস মহাবিদ্যালয়ত অচেতন হয় পৰে৷ ইয়াৰ পিছতে তেওঁৰ সহপাঠী আৰু অভিভাৱকে চিকিৎসালয়লৈ লয় আহে৷ 

কিন্তু ছাত্ৰী গৰাকীক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা মূহুৰ্তত স্বাস্থ্য কেন্দ্ৰত কোনো চিকিত্সক উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰী গৰাকীৰ পৰিয়ালে। আনহাতে, চিকিত্সা কেন্দ্ৰত উপস্থিত থকা ফাৰ্মাচিষ্ট জনেই ছাত্ৰীগৰাকীক পৰীক্ষা কৰি যোৰহাট চিকিত্সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

 ইয়াৰ পিছতে শনিবাৰে মৰিয়নী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসালয়ত উপস্থিত হৈ জেষ্ঠ চিকিৎসকক এই বিষয়ে অৱগত কৰে৷ লগতে যদিহে অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি ঘটে তেন্তে ছাত্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে৷

উল্লেখ যে, মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে যি সময়ত মহাবিদ্যালয় পৰা গৈ চিকিৎসালয়ত প্ৰতিবাদ সাব্যস্ত কৰি আছিল সেই সময়ত মহাবিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া চলি আছিল৷ আনফালে, ছাত্ৰ-ছাত্ৰী সকলৰ এই প্ৰতিবাদৰ বিষয়ে স্বয়ং মহাবিদ্যালয় খনৰ অধ্যক্ষও অৱগত নহয় বুলি জানিবলৈ দিয়ে অধ্যক্ষ গৰাকীয়ে। 

আনহাতে ছাত্ৰ-ছাত্ৰীসকলে চিকিত্সা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি থকাৰ সময়তে দুজন ব্যক্তিয়ে নিজকে মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে পৰিচয় দি চিকিত্সা কেন্দ্ৰত কৰ্মৰত মহিলা কৰ্মচাৰীক গালি গালাজ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

পিছত ঘটনা সন্দৰ্ভত স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত কৰ্মীয়ে মহাবিদ্যালয় খনৰ অধ্যক্ষক ফোন যোগে অৱগত কৰাত পৰিস্থিতি শাম কাটে।