নামতিঃ আইৰ সমান হ’ব কোন নৈৰ সমান বব কোন! মা এনে এটা শব্দ, যত প্ৰতিৰোধ হয় সমস্ত বাধা বিঘিনি৷ এই মা শব্দটোৱে এখন কঠিন দেৱাল হৈ থিয় দি থাকে নিজৰ সন্তানৰ সন্মূখত৷ যাতে কোনো দুষ্ট ছায়াই কেতিয়াও নিজ সন্তানৰ অনিষ্ট কৰিব নোৱাৰে৷ কিন্তু কিছুমানৰ বাবে ‘মা’ বোলা এই পবিত্ৰ শব্দটোৱেই ভয়াবহ হৈ পৰে৷ নিজ সন্তানক অপৰাধৰ পৃথিৱীখনলৈ থেলি দিব পৰা ‘মা’ শব্দত কলংক সনা নাৰীও এই পৃথিৱীত অনেক আছে৷ আনহে নালাগে, তেনে এটি লজ্জাজনক ঘটনা ঘটিল এইখন অসমতে৷
শিৱসাগৰ জিলাৰ নামতি আৰক্ষী থানাৰ অন্তৰ্গত পেৰাভাৰী গাঁৱৰ এগৰাকী মহিলা বিজুমনি শইকীয়া৷ যিয়ে কেৱল ধনৰ লোভত নিজ কন্যাক অনৈতিক কাৰ্য কৰিবলৈ বাধ্য কৰাইছিল৷ এই ঘটনা পোহৰলৈ আহে বিজুমনি শইকীয়াৰ দুই কিশোৰী কন্যাই নিজ মাতৃৰ বিৰুদ্ধে নামতি থানাত এজাহাৰ দাখিল কৰাৰ পাছত৷ ঘটনা অনুসৰি বিজুমনি শইকীয়াই ধনৰ বিনিময়ত বহু দিনৰ পৰা নামতি চেতিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কুমুদ চন্দ্ৰ বৰগোঁহাই নামৰ ৬০ বছৰীয়া ব্যক্তি এজনৰ লগত শাৰিৰীক সম্পৰ্ক ৰক্ষা কৰি আহিছে৷