85
ওদালগুৰিঃ ‘মা’ এটা বুজাব নোৱাৰ শব্দ৷ মা মানেই মমতা৷ মা মানেই নিৰাপত্তা৷ মা মানেই অস্তিত্ব৷ মা মানেই আশ্ৰয়৷ মা মানেই এবুকু ভালপোৱা৷ অযুত অৰ্থ লুকাই আছে ‘মা’ শব্দটোত৷
পৃথিৱাৰ সকলোতকৈ আপোন আৰু চৰ্চিত শব্দটো সকলোৰে প্ৰিয়৷ মাৰ ভালপোৱাক আজীৱন স্মৰণ কৰে মানুহে৷ মাক শ্ৰদ্ধা জনাই, মাৰ ভালপোৱাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ প্ৰতি বছৰে মা দিৱস পালন কৰি মাক আমি শ্ৰদ্ধা কৰো৷