লংকাঃ পৃথিৱীৰ আটাইতকৈ শুৱলা শব্দ যদি কিবা আছে, তেন্তে সেয়া হ’ল ‘মা’ শব্দটো৷ মাতৃয়ে সন্তাক প্ৰাণভৰি নিস্বাৰ্থভাৱে ভাল পায়৷ কোৱা হয় মাতৃৰ বুকুৰ আঁচলত হেনো পৃথিৱীৰ সমস্ত সুখ লুকাই থাকে৷ সন্তানে যেতিয়া কষ্ট পায়, সকলোতকৈ আগেয়ে মাতৃৰ অন্তৰে বিনায়৷
কিন্ত লংকাত সংঘটিত হ’ল মাতৃ-সন্তানৰ অপত্য স্নেহৰ ওলোটা কাণ্ড৷ মাতৃয়ে হত্যা কৰিলে নিজৰেই দুটি সন্তানক৷ জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ জাৰণি গাঁৱত সোমবাৰে নিশা এগৰাকী মহিলাই নিজৰ দুই কণমানি পুত্ৰ ফিৰদৌছ আহমেদ আৰু ইলিয়াছ আলীক বিহ খুৱাই নিজেও আত্মহত্যা কৰাৰ চেষ্টা চলায়৷ কিন্তু স্থানীয় লোকে এই ঘটনাৰ উমান পায় ততাতৈয়াতৈ দুই সন্তান আৰু মহিলাগৰাকীক হস্পিতাললৈ লৈ যায় যায় যদিও ফিৰদৌছ আহমেদ নামৰ ৩ বছৰীয়া কণমানিটোৰ ইতিমধ্যে মৃত্যু ঘটে৷