আমগুৰিঃ শিৱসাগৰ জিলাৰ এগৰাকী বিবাহিত মহিলা ৯ বছৰীয়া পুত্ৰ সন্তান সহ নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুকনফদীয়া বেজগাঁৱৰ বলোৰাম গগৈৰ পত্নী ৰেখামণি গগৈয়ে (৪৭) আৰু ৯ বছৰীয়া পুত্ৰ হিমাংশু গগৈ যোৱা ২৪ অক্টোবৰৰ পুৱা ঘৰৰ পৰা ওলাই গৈ তিনিদিনধৰি নিৰুদ্দেশ হৈ আছে৷
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰি গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ কিছুদিন পূৰ্বে মহিলাগৰাকীৰ অস্ত্ৰোপছাৰ সম্পন্ন হোৱাত মহিলাগৰাকী অসুস্থ হৈ আছিল। পৰিয়ালৰ লোকৰ সৈতে কোনো হাই-কাজিয়াও নাছিল মহিলাগৰাকীৰ৷