newsnextone.com | মঙলদৈঃ নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰীসকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷ কিন্তু সমাজত তেনে হৈছে নে৷ যদি চোৱা যায় সমাজত বেছিকৈ বৃদ্ধ মাতৃয়ে পুত্ৰ-বোৱাৰীৰ অত্যাচাৰ-অবিচাৰ-অৱহেলাৰ সন্মুখীন হ’ব লগা হয়৷ বহু পুত্ৰই মাতৃৰ মমতাৰ প্ৰতিদান দিব নোৱাৰে৷
পৃথিৱাৰ সকলোতকৈ আপোন আৰু চৰ্চিত শব্দটোৱে হৈছে ‘মা’৷ মাৰ ভালপোৱাক আজীৱন স্মৰণ কৰিব নজনা কোনোবা আছে বুলি বিশ্বাস কৰিব টান লাগে৷ মাক শ্ৰদ্ধা জনাও যদিও, মাৰ ভালপোৱাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ প্ৰতি বছৰে মা দিৱস পালন কৰি তথাপিও মাক আমি শ্ৰদ্ধা যাচো৷