Home ৰাজ্যবাক্সাৰ ভাৰত ভূটান সীমান্তৰ কাউলীৰ মটঙা নদীৰ পাৰত ২৪ নং এছ এছ বিৰ ব্যতিক্ৰমী পদক্ষেপ

বাক্সাৰ ভাৰত ভূটান সীমান্তৰ কাউলীৰ মটঙা নদীৰ পাৰত ২৪ নং এছ এছ বিৰ ব্যতিক্ৰমী পদক্ষেপ

by News Desk
58 views
A+A-
Reset

newsnextone.com| ৰঙিয়াঃ ৰঙিয়াৰ ২৪ নং এছ এছ বি বাহিনীৰ দ্বাৰা যোৱা ৪৫ দিন ধৰি চিলপা মটৰছৰ সহযোগত স্থানীয় ১২ গৰাকী নিবনুৱা যুৱকক লৈ মটৰ ড্ৰাইভিং প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিল। ২৪ নং এছ এছ বি বাহিনীটোৰ কেন্দ্রীয় চৰকাৰৰ কাৰিকৰী প্ৰশিক্ষণ আধাৰ হিচাপে লৈ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত সীমান্ত অঞ্চলত বসবাস কৰা স্থানীয় নিবনুৱা যুৱক যুৱতী সকলক স্বাৱলম্বী কৰা উদ্দেশ্যে বিভিন্ন ধৰণৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে। 

সেয়েহে আজি মহকুমাটোৰ কাউলী মটঙাপাৰত ৪৫ দিন ধৰি চাৰিচকীয়া গাড়ী চলোৱা প্ৰশিক্ষণ সমাপ্ত কৰা ১২ গৰাকীকৈ যুৱক একোখনকৈ চিলপা মটৰছৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। আজিৰ সভাখন শুভাৰম্ভ কৰে ডিপোটি কামাণ্ডেত দীপক ছাহাই দেৱে। মুখ্য অতিথি ৰূপে উপস্থিত থাকে  ৰঙিয়া ২৪ নং এছ এছ বিৰ মুখ্য কাৰ্য্যালয়ৰ ডি আই জি ছেহ.ডাব্লিউ.নাৰবোইবী ‌আৰু স্থানীয় স্বামী সম্পূৰ্ণন্দ সৰস্বতী। লগতে আজিৰ সম্বৰ্ধনা জনোৱা সভাত স্থানীয় ৰাইজ উপস্থিত থকাৰ লগতে ২৪ নং এছ এছ বিৰ বাহিনীৰ জোৱান সকলেও উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0