newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ জামুগুৰিৰ এটি দৰিদ্ৰ কৃষক পৰিয়ালৰ কৰুণ কাহিনী এয়া। যিটো পৰিয়ালৰ মুৰব্বী ৰানা কাকতিয়ে অতি কষ্টেৰে খেতি-বাতি কৰি তিনিজনীয়া পৰিয়ালটো জোৰা-টাপলি মাৰি চলাই নিছিল। পত্নী মৌচুমী অাৰু একমাত্ৰ কনমানি সন্তান পৰাণ জ্যোতিৰ মুখত হাঁহি বিলাবলৈ সদায়ে চেষ্টা চলাই অাহিছিল ৰানা কাকতিয়ে। 

দুখৰ মাজতো সুখ অনুভৱ কৰিছিল পত্নী মৌচুমীয়ে। পিতৃ-মাতৃৰ আশা একমাত্ৰ সন্তান পৰাণে ভালদৰে পঢ়া-শুনা কৰি তেওঁলোকৰ চকুপানী মচি এদিন ঘৰখনলৈ  অানন্দ অানিব। কিন্তু দুখীয়াৰ যেন দুখ অাতৰ নহয় এই সংসাৰত। 

প্ৰায় এবছৰৰ পৰা মৌচুমীয়ে  দেহত পুহি ৰাখিছে মাৰাত্মক কৰ্কট ৰোগৰ বীজানু। স্বামী ৰানা কাকতিয়ে ঘৰখনৰ ইটো সিটো বিক্ৰী কৰাৰ লগতে ধাৰ ঋণ কৰি পত্নীৰ চিকিৎসা কৰি অাহিছে যদিও বৰ্তমান সৰ্বশ্ৰান্ত হৈ পৰিছে। 

অানহাতে, চিকিৎসকৰ মতে অতি শীঘ্ৰে  পত্নীৰ অস্ত্ৰোপচাৰ কৰাৰ অতি প্ৰয়োজন। কিন্তু হাতত ফুটা কড়ি এটাও নথকা ৰানাৰ এতিয়া হাহাকাৰ অৱস্থা। অঞ্চলটোৰ লোকসকলে সহায়ৰ হাত অাগবঢ়াইছে যদিও ই পৰ্যাপ্ত নহয়। আনকি, সমষ্টিটোৰ বিধায়িকা অাঙুৰলতা ডেকাক সমগ্ৰ বিষয়টো অবগত কৰা হৈছিল যদিও মাত্ৰ টকা দুহেজাৰ দিয়েই দায়িত্ব সামৰিলে অসমৰ নাৰী সমাজৰ হৈ সততে মাত মতা বিধায়িকা গৰাকীয়ে। 

এতিয়া অসমৰ ৰাইজ, দল-সংগঠন তথা চৰকাৰলৈ সহায় বিচাৰি কাতৰ অাহবান জনাইছে ভূক্তভোগী পৰিয়ালটোৱে। ইমানতে পঢ়া জীৱনৰ অন্ত পৰিব নেকি মাৰাত্মক ৰোগত অাক্ৰান্ত হৈ থকা মৌচুমিৰ একমাত্ৰ সন্তান পৰাণজ্যোতিৰ। পৰাণৰ জীৱনলৈ হঠাৎ নামি অাহিব নেকি ঘোৰ অমানিশা?

হয়তো অাপোনাৰ দৰে হৃদয়ৱান ব্যক্তিৰ অলপ সহাঁৰিয়ে হাঁহি ঘূৰাই অানিব পৰাণৰ লগতে স্বামী ৰানা কাকতিলৈ। মহিলাগৰাকীৰ সহায়ৰ বাবে ইচ্ছুক হৃদয়বান লোকসকলক ৮৭২৪৮-০৬৬৯১ ভ্ৰাম্যভাষ নম্বৰৰ লগতে একাউণ্ট নম্বৰ-- 37742369877 ....cif no:::90123472577 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷