হোজাইঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ন’মাটী মৌজাৰ মৌজাদাৰক আজি মৌজাদাৰ পদৰ পৰা নিলম্বন কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে মৌজাটোত৷ হোজাইৰ উপায়ুক্তই এক নিৰ্দেশযোগে মৌজাদাৰৰ দায়িত্বৰ পৰা নিলম্বন কৰে মৌজাদাৰ হৰেন বৰাক৷
হোজাইৰ উপায়ুক্ত এচ লক্ষ্মননৰ এইচ জে এল এল ১-৯৯-১৯২নং পত্ৰৰ নিৰ্দেশমৰ্মে নমাটী মৌজাৰ মৌজাদাৰ হৰেন বৰাক চৰকাৰী ৰাজহৰ বিত্তীয় খেলিমেলিৰ অভিযোগত তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰে৷ মৌজাদাৰগৰাকীক নিলম্বন কৰাৰ পিছত উপায়ুক্তগৰাকীয়ে নমাটি মৌজাৰ সমস্ত দায়িত্ব ডবকা ৰাজহ চক্ৰ বিষয়াক অৰ্পণ কৰে৷
উল্লেখ্য যে ন’মাটি মৌজাৰ মৌজাদাৰ হৰেন বৰাই দীৰ্ঘদিনৰ পৰা জালিয়াতিৰে চৰকাৰী ৰাজহ আত্মসাৎ কৰাৰ অবিযোগ উত্থাপন হৈ আহিছিল৷ চৰকাৰী নিৰিখতকৈও অত্যাধিক খাজনা সাধাৰন ৰাইজৰ পৰা দাবী ধমকিৰে আদায় কৰাৰ লগতে মৌজাখনত উঠিৰজা বহিৰজা হৈ পৰিছিল বুলি চৰ্চা হৈছিল৷
হোজাইৰ প্ৰাক্তন মহকুমাধিপতিক গঞা ৰাইজে কেইবাবাৰো মৌজাদাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল৷ হোজাইৰ উপায়ুক্তই তদন্তমৰ্মে এই দুৰ্নীতিগ্ৰস্থ মৌজাদাৰ গৰাকীক নিলম্বন কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।