50
ডিজিটেল ডেস্কঃ স্বচ্ছ ভাৰত অভিযানক এক নতুন মাত্ৰা প্ৰদান কৰিলে মধ্য প্ৰদেশৰ সাংসদ জনাৰ্দন মিশ্ৰাই। নিজহাতে স্কুলৰ শৌচাগাৰৰ ৰুদ্ধ নলা চাফা কৰি চ’ছিয়েল মিডিয়াত প্ৰশংসাৰ পাত্ৰ হৈ পৰিল সাংসদজন।
স্কুল এখনৰ শৌচাগাৰ এটা ৰুদ্ধ হৈ থকাৰ খবৰ পাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ ৰেৱা জিলাৰ বিজেপিৰ সাংসদজনে যথাস্থানত উপস্থিত হৈ নিজেই খালি হাতেৰে চাফা কৰে শৌচাগাৰটো। সেই ভিডিঅ’টো টুইটাৰত সাংসদগৰাকীয়ে নিজে আপলোড কৰে।