ডিজিটেল ডেস্কঃ ২০১৭ বৰ্ষত MeToo শীৰ্ষক আপডেটে ছচিয়েল মিডিয়াত খলকনি লগাইছিল৷ অভিনেত্ৰী, মহিলা খেলুৱৈ, সংগীতজ্ঞ, মহিলা ৰাজনীতিবিদৰ পৰা সাধাৰণ ঘৰৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰচাৰত উবুৰি খাই পৰিছিল৷ বিশ্বৰ আগশাৰীৰ দেশৰ পৰা আৰম্ভ কৰি সাধাৰণ দেশলৈ একাংশ মহিলাই নিজৰ জীৱনত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাৰ ভয়াবহ স্মৃতি প্ৰকাশ কৰিছিল৷ 

ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদিত ভৰি পৰিছিল একাংশ যুৱতীৰ সৈতে সংঘটিত ঘটনাৰ বৰ্ণনা৷ কিন্তু সময় যোৱাৰ লগে লগে MeeTooৰ চৰ্চা কমিল যদিও আধুনীক নাৰীক সাহস দি গ’ল অফুৰন্ত৷ এতিয়া নাৰীয়ে নিজৰ জীৱনৰ সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাক লুকুৱাই নথয় সমাজক সজাগ আৰু সচেতন কৰাৰ বাবে বাৰ্তা হিচাপে প্ৰকাশ কৰিব পৰা হ’ল৷

তেনেদৰেই এটি ঘটনা বৰ্ণনা কৰিলে ভাৰতৰ এগৰাকী মহিলাই৷ মহিলাগৰাকী সাধাৰণ ঘৰৰ মহিলা নহয়৷ তেও এগৰাকী সাংসদৰ পত্নী৷ কেৰালাৰ কোদ্দয়মৰ সাংসদ জোশ মণিৰ পত্নী নিশা জোশে এই কাহিনী বৰ্ণনা কৰিছে৷ কিন্তু তেও এই কথা ছচিয়েল মিডিয়াত নহয় তেওৰ গ্ৰন্থত হে প্ৰকাশ কৰিছে৷ ‘দ্যা অডাৰ চাইড অৱ লাইফ’ শীৰ্ষক গ্ৰন্থ খনত প্ৰকাশ কৰিছে জীৱনত ঘটা পৰিঘটনা সমূহ৷ 

তেওৰ জীৱনত সংঘটিত হোৱা যৌন উৎপীড়নৰ ঘটনাৰ কথা স্পষ্টকৈ উল্লেখ কৰে৷ সাংসদ পত্নী নিশাই তেওৰ গ্ৰন্থত উল্লেখ কৰা মতে, ৰেলত কেৰেলা যাত্ৰা কৰাৰ সময়ত এগৰাকী নেতাৰ পুত্ৰই তেওক উৎপীড়ন চলাইছিল৷ নিশাই সেই সময়ত টিটিক অভিযোগ দাখিল কৰিছিল যদিও প্ৰভাৱশালী নেতাৰ পুত্ৰ হোৱাৰ বাবেই টিটিয়ে ঘটনাক গুৰুত্ব প্ৰদান নকৰিলে৷ 

গ্ৰন্থত অভিযুক্ত ৰাজনেতাৰ পুত্ৰৰ নাম কথা উল্লেখ কৰা নাই৷ নিশা কেৰালাৰ এগৰাকী সাংসদৰ পত্নী, কেৰালা কংগ্ৰেছৰ অধ্যক্ষ কে এম মণিৰ বোৱাৰী৷ তেওঁৰ সৈতে ৰ্দুব্যৱহাৰৰ কথা গ্ৰন্থত উল্লেখ কৰিছে৷ ২০১২ চনত মই ৰেল যাত্ৰা কৰি আছিলো৷ মোৰ তেতিয়া তুপনি ধৰিছিল৷ কিন্তু ওচৰৰ সেই লোকগৰাকীয়ে মোৰ সৈতে কথা পাতিবলৈ এৰা নাছিল৷ তেওঁ চিটত বহিবৰ সময়ত চিট মিলাই লোৱাৰ সময়ত মোৰ ভৰিত হাত দিয়ে৷ মই তেতিয়া অসহজ অনুভৱ কৰিছিলো৷   

গ্ৰন্থখনত নিশাই লোকজনৰ নাম কোৱা নাই যদিও পিতৃৰ পৰিচয়েৰে নিজৰ পৰিচয় দিয়া বুলি উল্লেখ কৰে৷ সেই লোকগৰাকীয়ে সেই সময়ত চিকিৎসালয়ত ভৰ্তি হৈ থকা শহুৰক চাবলৈ যাও বুলি কৈছিল৷ তেওঁ মোৰ সমীপত আহি বহিছিল৷ মই তেতিয়া চিন্তিত আৰু অসহজ হৈ পৰিছিলো৷ যেতিয়া টিটিক এই অভিযোগ দখল দিছিলো এই সন্দৰ্ভত হস্তক্ষেপ নকৰিবলৈ কৈছিল৷

মই তেতিয়া মোৰ চেহেৰা স্কাৰ্ফেৰে ঢাকি লৈছিলো৷ তাৰ পিছতো সেই লোকগৰাকীয়ে হাতেৰে মোৰ ভৰিৰ আঙুলি চুব চেষ্টা কৰি আছিল৷ টিটিয়ে কৈছিল এই ঘটনা সন্দৰ্ভত হস্তক্ষেপ কৰিবৰ বাবে সাহস কৰিব নোৱাৰে৷ আপোনালোক এনেই ৰাজনৈতিক বন্ধু৷ এই ঘটনা সমাপ্ত হোৱাৰ এই সমস্ত ঘটনা মোৰ মূৰত পৰিব বুলি কৈ টিটিয়ে দায়িত্ব সাৰে৷

(hindi.firstpost.comৰ জৰিয়তে)