বিশ্বনাথ চাৰিআলিঃ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা গোৰ্খা সন্মিলনৰ নেতা প্ৰয়াত মণি কুমাৰ চুব্বাক বৃহস্পতিবাৰে তিনিসুতিৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে বজাৰ-চেন্টাৰ সমিতিৰ সহযোগত আজি সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত প্ৰাক্তন সাংসদ/বিধায়ক গোৰ্খা জননেতা মনি কুমাৰ চুব্বাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে ক্ৰমে তিনিসূঁতি গাঁও পঞ্চায়ৰ সভানেত্ৰী মিলন চু্ব্বা, স্থানীয় বিশিষ্ট সমাজকৰ্মী ভৱানী শৰ্মা, বিশিষ্ট সমাজকৰ্মী তথা গোৰ্খা সন্মিলনৰ নেতা হৰি শৰ্মা, তিনিসূঁতি (উচ্চ) শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ প্ৰধান আচাৰ্য যাদৱ তিমচিনা, মতি দাহাল দহ, ভীমলাল শৰ্মা, গোৰ্খা জনজাতি উন্নয়ন সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৃষ্ণ চুব্বা, গোৰ্খা ছাত্ৰ সন্থা বাঘমৰা আঞ্চলিক সমিতিৰ সভাপতি গংগাৰাম ফুয়েলৰ লগতে বিপ্লৱী যুৱ সন্থা বিশ্বনাথ জিলা সমিতিৰ সদস্য বিকাশ চুব্বা আদিয়ে প্ৰাক্তন সাংসদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে৷
গোৰ্খা জনজাতি উন্নয়ন সন্থা'ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৃষ্ণ চুব্বাই আঁত ধৰা অনুষ্ঠানটোত প্ৰয়াত মনি কুমাৰ চুব্বাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কেইবাগৰাকী বক্তাই বক্তব্য আগবঢায়৷ এই অনুষ্ঠানটোত তিনিসূঁতি অঞ্চলৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰায় অৰ্ধ শতাধিক লোকে অংশ গ্ৰহণ কৰে।